মই ৰেবিনা এছমিন,

(BJP দলৰ পৰা আঞ্চলিক পঞ্চায়ত (কাউন্সিলাৰ)ৰ সদস্য পদৰ প্ৰাৰ্থী,)

এই মাটিত মোৰ জন্ম, এই গাঁৱত ডাঙৰ-দীঘল হোৱা আপোনালোকৰ মাজৰে এজনী সাধাৰণ মহিলা ।

গাঁৱৰ পথেদি খালি ভৰিৰে খোজ দিছিলোঁ, স্কুললৈ গৈছিলোঁ,

আজি নিজৰ মাটিৰ বাবে কিবা এটা কৰাৰ সুযোগ বিচাৰিছোঁ ।

মই প্ৰতিশ্ৰুতি দিছো যে প্ৰকৃত দুখীয়া মানুহক সুবিধা পোৱাৰ বাবে নিৰন্তৰ ভাৱে কাম কৰিম ।

🌾 মই ৰাজনীতি কৰিবলৈ নহয়,

আপোনালোকৰ সপোনবোৰ পূৰ্ণ কৰিবলৈ আগবাঢ়িছোঁ।

📌 মোৰ প্ৰতিশ্ৰুতি:

অৰুণোদয় আঁচনি – গাঁৱৰ দুখীয়াসকলক এই সুবিধা পাবলৈ সহায় কৰিম ।

বৃদ্ধ, বিধবা, বিকলাংগ — সকলোলৈ পেঞ্চনৰ সুনিশ্চিত ব্যৱস্থা কৰিম ।

চাউলৰ কাৰ্ড (Ration Card)– গাঁৱৰ প্ৰকৃত দুখীয়া পৰিয়ালক চাউল পোৱাত সহায় কৰিম ।

ঘৰৰ সপোন PMAYৰ জৰিয়তে প্ৰতিটো গৃহহীন পৰিয়ালৰ মূৰৰ ওপৰত ছাঁত দিয়াৰ ব্যৱস্থা কৰিম

New Geo Tagging House- যিসকলে সত্যই ঘৰৰ আৱশ্যকতা আছে, তেওঁলোকক Geo Tagging কৰি দিম

✅যাৰ ঘৰত চৰকাৰী শৌচাগাৰ (Toilet) পোৱা নাই, তেওঁলোকক আমি শৌচালয় বনাই দিম ।

Job Card (MGNREGA) – যোগ্য ব্যক্তিক অন্তৰ্ভুক্ত কৰি কাম কৰাৰ সুযোগ দিম ।

ৰাস্তা-পথৰ উন্নয়ন: গাঁৱৰ প্ৰতিটো ঘৰলৈ পকী ৰাস্তাৰ সংযোগ, যাতে যাতায়ত সহজ হয় ।

মই কথাৰে নহয়, কামেৰে আপোনালোকৰ বিশ্বাস অৰ্জন কৰিব বিচাৰো। প্ৰতিটো গাঁৱৰ প্ৰতিটো পৰিয়ালৰ কথা শুনি, তেওঁলোকৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ কাষত থাকিম। মোক মাত্ৰ এবাৰ আপোনালোকৰ সেৱা কৰাৰ সুযোগ দিয়ক।

🗳️ মই ভোট বিচাৰি আহিছোঁ, ক্ষমতাৰ বাবে নহয়, 

📿 আপোনালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ ।

আপোনাৰ ভৱিষ্যত গঢ়াৰ এটি সিদ্ধান্ত

মোৰ জীৱনৰ এটা উদ্দেশ্য হ’ব ।”

আপোনাৰ নিজৰজন, 

ৰেবিনা এছমিন

প্ৰাৰ্থী – BJP দলৰ পৰা আঞ্চলিক পঞ্চায়ত (কাউন্সিলাৰ)ৰ সদস্য